Step into an infinite world of stories
শ্ৰীধামৰ ৰামায়ণ মণ্ডলীয়ে এবাৰ জনকপুৰলৈ যোৱাৰ আয়োজন চলালে। এই খবৰ পাইছিল ঈশ্বৰী দেৱীয়ে। ঈশ্বৰী দেৱী বিধৱা আছিল। পিছে কিয় জানো তাইৰ মনে সেই খবৰ মণ্ডলীৰ সভ্য ধৰ্ম বাহাদুৰৰ পৰা পোৱাৰ আশা ৰাখিছিল। চিত্ৰকূটৰ ৰামায়ণ মেলাত প্ৰথমবাৰৰ বাবে লগ পাইছিল তাই ধৰ্ম বাহাদুৰক। এক দুৰ্ঘটনাত ধৰ্ম বাহাদুৰৰ পত্নীৰ মৃত্যু হৈছিল। প্ৰথমবাৰ লগ পাওঁতেই ঈশ্বৰীয়ে ধৰ্ম বাহাদুৰৰ প্ৰতি এক অনামি আকৰ্ষণ অনুভৱ কৰিছিল। কিন্তু চিঠি অহা নাছিল ধৰ্ম বাহাদুৰৰ। অৱশ্যে এই যাত্ৰাত চামিল হ'বলৈ নিমন্ত্ৰণ জনাই তাইলৈ চিঠি পঠিয়াইছিল মণ্ডলীৰ গুৰুস্বৰূপ শাস্ত্ৰী মহোদয়ে। জনকপুৰৰ যাত্ৰাত চামিল হ'ল ঈশ্বৰী দেৱী। ধৰ্ম বাহাদুৰো আছিল সেই যাত্ৰাত। ৰামায়ণ মণ্ডলীৰ এই যাত্ৰা কেনে আছিল? ঈশ্বৰীৰ মনত ধৰ্ম বাহাদুৰৰ প্ৰতি থকা আকৰ্ষণ কি আছিল? প্ৰেম আছিল নেকি সেইয়া? কিয় তাই অস্থিৰ হৈ পৰিছিল? মণ্ডলীৰ আন তিৰোতাসকলৰ লগত ধৰ্ম বাহাদুৰে কথা পাতিলে কিয় এক অহেতুক সংশয়ে বাঁহ বান্ধিছিল তাইৰ বুকুত? কি বিচাৰি গৈছিল ঈশ্বৰীয়ে ৰামায়ণ মণ্ডলীৰ এই যাত্ৰাত? মনৰ শান্তি নে পাৰ্থিৱ সুখ? মনৰ মাজত দোলা দি থকা প্ৰশ্নবোৰৰ উত্তৰ পালে নে ঈশ্বৰীয়ে?
জানিবলৈ শুনক জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "ঈশ্বৰীৰ সংশয় আৰু প্ৰেম", একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789353987855
Release date
Audiobook: 4 September 2021
English
India