Step into an infinite world of stories
মণিকুন্তলা ভট্টাচাৰ্যৰ 'মই ডেচডিম'না হ'ব খোজোঁ' অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত ৰচিত এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ কুশীলৱসকলৰ জীৱনৰ ঘাত-প্ৰতিঘাত, আশা-আকাংক্ষা। অথেল' আৰু ডেচডিম'নাৰ কাহিনীৰ আধাৰত আৰম্ভ কৰা উপন্যাসখনৰ বিষয়বস্তুৱে গতি লয় উপন্যাসৰ নায়ক নায়িকাৰ ব্যক্তিগত জীৱনলৈ। জীৱনৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানৰ সন্মূখীন হৈ সাহসেৰে আগলৈ খোজ দিবলৈ বিচৰা নয়না, নয়নাৰ প্ৰেমত পৰা পাৰ্থ। মাথোঁ সেইয়াই নহয়, ভ্ৰাম্যমাণৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ কথাও সোমাই আছে উপন্যাসখনৰ ভিতৰত। ক'বলৈ গ'লে বিশ্বৰ ভিতৰতে বিৰল অসমৰ সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম পাঁচটা দশকৰ ইতিহাস এইখন উপন্যাস।
© 2021 Storyside IN (Audiobook): 9789353987503
Release date
Audiobook: 4 June 2021
Tags
English
India