Step into an infinite world of stories
এজন উদীয়মান বিজ্ঞানী মনোজৰ জীৱনত একমাত্ৰ আপোন বুলিবলৈ পত্নী স্মিতা। স্মিতাৰ প্ৰতি মনোজৰ ভালপোৱা প্ৰগাঢ়। কিন্তু হঠাতে সকলো খেলি মেলি হৈ যায় মনোজৰ জীৱনটোত। নিজৰে বন্ধু অনন্তৰ বাহুবন্ধনত পত্নীক দেখাৰ পিছৰে পৰা মনোজে একপ্ৰকাৰৰ মানসিক স্থিৰতা হেৰুৱাই পেলাই। মনোজৰ গুৰু অনিৰুদ্ধ অত্ৰেয়ই এক নতুন আৱিস্কাৰৰ সন্ধানত পৰীক্ষা নিৰীক্ষা চলাই আছিল। যাৰ বাবে তেওঁক গিনিপিগ হিচাপে এজন মানুহৰ দৰকাৰ। পত্নীৰ বিশ্বাসঘাটকতাই মনোজক ইমান বেয়াকৈ দহে যে তেওঁ নিজকে বিজ্ঞানী অত্ৰেয়ৰ পৰীক্ষাৰ গিনিপিগ হ'বলৈ সাজু হয়। বিজ্ঞানী অত্ৰেয়ৰ হাজাৰ বাধাকো নেওচি গিনিপিগ হয় মনোজ। কিন্তু তাৰ পিছতে ঘটনাই নতুন মোৰ লয়। মৃত্যু হয় বিজ্ঞানী অত্ৰেয়ৰ সহিতে আৰু এজন বিজ্ঞানী, দুগৰাকী নাৰ্ছ তথা মনোজৰ বন্ধু বিজ্ঞানী শ্যামলী। কিন্তু কেনেকৈ? কোন সেই হত্যাকাৰী? মনোজৰ কি হ'ল? পত্নীৰ বিশ্বাসঘাটকতাৰ যন্ত্ৰণাক মনোজে পাহৰিব পাৰিলে নে? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "বিষকুম্ভ"।
© 2021 Storyside IN (Audiobook): 9789354838972
Release date
Audiobook: 19 October 2021
English
India